আমাৰ প্ৰত্যেকৰে বোধগম্য যে, ৰাষ্ট্ৰ এখনৰ পৰ্যায়ক্ৰমে উন্নীতকৰণৰ বাবে গ্ৰাম্য অৰ্থনীতি মজবুত হোৱাটো প্ৰয়োজনীয়। গতিকে, এইক্ষেত্ৰত পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ আঁচনি তথা কাম-কাজ সমূহেৰে গ্ৰামাঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নতি সাধন কৰাৰ ক্ষেত্ৰত আমি দায়বদ্ধ ৷
সেয়েহে, মই মাজে মাজে পাঞ্জাবাৰীৰ জুৰিপাৰত অৱস্থিত পঞ্চায়তৰ আয়ুক্ত কাৰ্যালয়ত উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷
যাতে, পঞ্চায়তৰ অন্তনিৰ্হিত কাম সমূহৰ সফল ৰূপায়ণ তথা অধিক ক্ষিপ্ৰতাৰে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পৰা যাব সেই বিষয়ে বিষয়াবৰ্গৰ সৈতে পৰ্যালোচনাৰ মাধ্যমেৰে আলোচনা কৰাৰ লগতে এইক্ষেত্ৰত দেখা দিয়া বিভিন্ন আঁসোৱাহ সমূহ শীঘ্ৰে সমাধান কৰিব পৰা যায় ৷