আজি বৰপেটা জিলাত জিলা সভাপতি শ্ৰী অনিল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ‘জিলা কাৰ্যনিৰ্বাহক সভা’ ত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিভিন্ন আলোচনা কৰোঁ ৷
লগতে, আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ উপ-নিৰ্বাচনলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ বিশেষ ভাৱে আহ্বান জনাওঁ ৷
আজিৰ এই সভাত মোৰ লগতে বৰপেটা জিলাৰ প্ৰভাৰী শ্ৰী জয়ন্ত দাস, সহ-প্ৰভাৰী শ্ৰী শশাংক জ্যোতি ডেকা আৰু দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে ৷