আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ ‘জিলা কাৰ্যনিৰ্বাহক সভা’ ত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে জিলাখনৰ অন্তৰ্গত ভৱানীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচন সম্পৰ্কত বিস্তৃত ভাৱে পৰ্যালোচনা কৰোঁ ।

আজি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বজালী জিলাৰ ‘জিলা কাৰ্যনিৰ্বাহক সভা’ ত উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ সৈতে জিলাখনৰ অন্তৰ্গত ভৱানীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচন সম্পৰ্কত বিস্তৃত ভাৱে পৰ্যালোচনা কৰোঁ । ইয়াৰ লগতে, ভৱানীপুৰ বিধান সভা সমষ্টিৰ এই উপ-নিৰ্বাচনত বজালী জিলাৰ অন্তৰ্গত আমাৰ পাটাছাৰকুছি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ কাৰ্যকৰ্তা সকলোকো কামে কাজে লাগি সহায় কৰি দিয়াৰ বাবে আহ্বান জনাওঁ ৷

জিলা সভাপতি শ্ৰী নগেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ উদ্যম, উচাহ তথা সেৱাৰ মনোভাৱ প্ৰত্যক্ষ কৰি অভিভূত হৈছোঁ। আজিৰ সভাত জিলাখনৰ প্ৰভাৰী শ্ৰী বিকুল ডেকা, সহ-প্ৰভাৰী শ্ৰী বেনুধৰ নাথকে আদি কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।