বীৰাংগনা কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট

বীৰাংগনা কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট

আজি ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস। ‘ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস’ ত এইবাৰ ১৯৪২ চনৰ স্বাধীনতা ৰণৰ বীৰাংগনা কনকলতা বৰুৱাৰ নামত প্ৰচলন কৰা হ’ব ডাক টিকট। উল্লেখ্য যে, দেশৰ প্ৰায় ৫১ গৰাকী ৰজাঘৰীয়া সম্ভ্ৰম আৰু সামাজিকভাৱে প্ৰতিষ্ঠিত নোহোৱা স্বাধীনতাৰ নীৰৱ নায়কৰ নামতেই ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ডাক টিকট প্ৰচলনেৰে তেওঁলোকক সন্মান জনোৱাৰ প্ৰস্তুতি চলোৱা হৈছে।

বিগত ১৮৫৪ চনত লৰ্ড ডেলহাউচী নামৰ ইংৰাজ বিষয়াগৰাকীয়ে দেশত ডাকসেৱাৰ আৰম্ভণি কৰিছিল। ভাৰতীয় ডাকসেৱাই ১৫১ টা বৰ্ষ অতিক্ৰম কৰিছে। আজিৰ এই শুভক্ষণত ডাকসেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

“চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ

পৰৰ চেনেহ কঢ়িয়াও

মোৰ হে চেনেহীয়ে কিনো ভাবিছে

তাৰ একো গমকে নাপাও

চকুৰে নেদেখা দুৰণিতে আছোহি পিয়নৰ চাকৰিতে” –

লোকসংগীতৰ সম্ৰাট শ্ৰদ্ধাৰ শিল্পী খগেন মহন্ত দেৱে বিখ্যাত ‘কাউৰী পৰে’ গীতৰ জৰিয়তে আমাৰ সমাজ জীৱনত ডাকঘৰ অথবা পিয়নৰ ভূমিকা বৰ্ণনা কৰি থৈ গৈছে ৷

চিঠি মানেই হৈছে আবেগৰ এক মেটমৰা বোজা। যান্ত্ৰিকতাৰ ধামখুমীয়াত যদিও এতিয়া পদূলিৰ মুখলৈ ডাকোৱাল নাহে তথাপিও ডাকসেৱা বৰ্তমানেও প্ৰত্যেকৰে হৃদয়ত। ১৫১ বছৰ অতিক্ৰম কৰা ডাকসেৱাই সেৱাৰ প্ৰক্ৰিয়া সালসলনি কৰিছে। এইবাৰৰ ‘ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস’ ত দেশৰ বাবে জীৱন উচৰ্গা কৰি যোৱা সংগ্ৰামী কনকলতা বৰুৱাৰ নামেৰে ডাক টিকট প্ৰচলন কৰি তেখেতলৈ এক অন্যতম স্বীকৃতি প্ৰদান কৰা হৈছে বুলি মই ভাবোঁ।