নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত হোৱা ‘অন্ন মহোৎসৱ’ কাৰ্যসূচী ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

নলবাৰীত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ‘অন্ন মহোৎসৱ’ৰ শুভ উদ্বোধন

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী পদক্ষেপ ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ আঁচনিখনক অধিক ফলপ্ৰসূ কৰিবলৈ আজি অৰ্থাৎ ১১ অক্টোবৰ তাৰিখে, নলবাৰীৰ গৰ্ডন খেলপথাৰত অনুষ্ঠিত হোৱা ‘অন্ন মহোৎসৱ’ কাৰ্যসূচী ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ।

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক’ভিড সৃষ্ট দুৰ্যোগৰ সময়ছোৱাত সাধাৰণ নাগৰিকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে লোৱা এই পদক্ষেপে দেশৰ কোটি কোটি দুখীয়া ৰাইজক উপকৃত কৰিছে ৷ আজিৰ এই অন্ন মহোৎসৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰী সকলক ৫ কিলো অতিৰিক্ত চাউলৰ সৈতে ১০ কিলো পৰিমাণৰ এটি উন্নতমানৰ মোনা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, অহা ১২ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত এই ‘অন্ন মহোৎসৱ’ পালন কৰা হ’ব ৷

এই মহৎ পদক্ষেপৰ বাবে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমত এই অন্ন মহোৎসৱ পালন কৰিবলৈ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ লগতে অনুষ্ঠানটি সফল ভাৱে ৰূপায়ণ কৰাত আগভাগ লোৱা স্থানীয় বিধায়ক তথা নলবাৰী জিলা উপায়ুক্তকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়ববীয়া সকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷

আজিৰ এই মহোৎসৱ ভাগিত মোৰ লগতে সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীযুতা অজন্তা নেওগ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি শ্ৰী ভবেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ফনীন্দ্ৰ নাথ শৰ্মা, সাংসদ শ্ৰীযুতা কুইন ওজা, নলবাৰীৰ বিধায়ক শ্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা সভাপতি শ্ৰী মৃগাংক তালুকদাৰ উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে ৷

PMO IndiaCMO AssamHimanta Biswa SarmaBhabesh kalita ভবেশ কলিতাDilip SaikiaChandra Mohan PatowaryAjanta NeogQueen Oja BJPJayanta Malla BaruahPhanindranath SharmaBharatiya Janata Party (BJP)BJP Assam Pradesh