শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ৰাজ্যত পূৰ্ণগতিত আয়োজন হৈ থকা ‘অন্ন মহোৎসৱ’ ত হিতাধিকাৰী সকলৰ উৎসাহ-উদ্দীপনা দেখিবলৈ পাই আনন্দিত হৈছোঁ ৷
অসমৰ বিভিন্ন প্ৰান্তৰ ৰেচন কাৰ্ড হিতাধিকাৰী সকলৰ হাতত ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ ৰ অধীনত বিনামূলীয়াকৈ বিতৰণ হৈ থকা মোনা সহ অতিৰিক্ত ৫ কেজি চাউলে দুখীয়া ৰাইজক সকাহ প্ৰদান কৰাত অৰিহণা যোগাইছে ৷