নমঃ সৃষ্টিস্তিতিবিনাশানাং শক্তিভূতে সনাতনি | গুণাশ্রয়ে গুণময়ে নাৰায়ণি নমোস্তু তে || শুভ মহা অষ্টমী

নমঃ সৃষ্টিস্তিতিবিনাশানাং শক্তিভূতে সনাতনি | গুণাশ্রয়ে গুণময়ে নাৰায়ণি নমোস্তু তে ||
শুভ মহা অষ্টমী 🕉️

মংগলদায়িনী, দুৰ্গতিনাশিনী দেৱী মা দুৰ্গা পূজাৰ মহা অষ্টমীৰ মহাক্ষণ “মা” ৰ ধৰাৰ আগমনৰ মূল তত্বৰে সংপৃক্ত। ভক্তগণৰ ৰক্ষাৰ্থে তথা কল্যাণাৰ্থে দেৱী মায়ে সকলো অশুভ শক্তিক নাশ কৰি ভক্তগণৰ ৰক্ষক হৈ আহিছে।

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত কালীবাৰী দুৰ্গা মন্দিৰ, গৌৰীপুৰ দুৰ্গা মন্দিৰত মা দুৰ্গাক দৰ্শন কৰি ভক্তি অঞ্জলিৰে মাৰ শ্ৰীচৰণত সকলোৰে কুশল-মংগল কামনাৰে সেৱা আগবঢ়াওঁ ।
ইয়াৰোপৰি, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে মহামায়া ধামত “মা দুৰ্গা” ৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাওঁ ৷
সকলো বিপদৰ পৰা প্ৰতিজনক ৰক্ষা কৰি মংগলদায়িনী, দয়াৰ সাগৰ দেৱী মায়ে সকলোকে সুখ-সমৃদ্ধি-শান্তিৰে পৰিপূৰ্ণ এটি জীৱনৰ বাবে আশীষ দিয়ক, দিয়ক সকলো বাধাক জয়ী কৰাৰ অমোঘ শক্তি ৷