আজি গোটেই দিনটো ধুবুৰী জিলাত মা দুৰ্গাৰ উপাসনাস্থলী সমূ্হ দৰ্শন কৰাৰ পিছত এটি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নথৈ আনন্দিত হ’লো ৷

আজি গোটেই দিনটো ধুবুৰী জিলাত মা দুৰ্গাৰ উপাসনাস্থলী সমূ্হ দৰ্শন কৰাৰ পিছত এটি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নথৈ আনন্দিত হ’লো ৷

ধুবুৰীৰ থলুৱা সংগীতৰ বাদ্যযন্ত্ৰী সকলে পৰিবেশন কৰা সুমধুৰ সংগীতৰ মূৰ্চনাত মহাঅষ্টমীৰ সন্ধিয়াটোত সংগীতৰ ৰস পান কৰি আহ্লাদিত হৈ পৰিলো ৷

অহা কাইলৈ পাটাছাৰকুছি সমষ্টিৰ ১০৪ বছৰীয়া ঐতিহাসিক পূজাস্থলীত মহানৱমী উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত মা দুৰ্গাৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰিম ৷

শেষত, পুনৰবাৰ সকলোকে মহাঅষ্টমীৰ শুভকামনা যাচিছোঁ ৷ সকলোকে মঙ্গলদায়িনী মা দুৰ্গাই কৃপা কৰক তাকে কামনা কৰিছোঁ ৷