আধুনিক অসমীয়া ভাষা-সাহিত্যক সম্ভ্ৰান্ত ৰূপত প্ৰতিষ্ঠা কৰাত যাৰ অনন্য, অন্যতম অৱদানে অসমীয়া ভাষা-সাহিত্যৰ পৰিকাঠামোক যুগ যুগলৈ শক্তিশালী কৰিলে তেখেতেই হ’ল অন্যতম শ্ৰেষ্ঠ অসমীয়া, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

সাহিত্য ৰথী🙏

আধুনিক অসমীয়া ভাষা-সাহিত্যক সম্ভ্ৰান্ত ৰূপত প্ৰতিষ্ঠা কৰাত যাৰ অনন্য, অন্যতম অৱদানে অসমীয়া ভাষা-সাহিত্যৰ পৰিকাঠামোক যুগ যুগলৈ শক্তিশালী কৰিলে তেখেতেই হ’ল অন্যতম শ্ৰেষ্ঠ অসমীয়া, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।May be an image of 1 person and text

প্ৰত্যাহ্বান, প্ৰতিকূলতাৰ মাজতো অফুৰন্ত প্ৰতিভাৰ অধিকাৰী বেজবৰুৱা দেৱে নিজ অমূল্য সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যক সুকীয়া পৰিচয় দি থৈ গ’ল। গীত, কবিতা, প্ৰৱন্ধ, নাট, উপন্যাস, জীৱনী, গল্প, সমালোচনা, ব্যংগ সাহিত্য, আলোচনী সম্পাদনা, সংবাদ সেৱা আদি সকলো ক্ষেত্ৰতে তেখেতৰ ভূমিকা আৰু প্ৰভাৱ আছিল অপৰিসীম।

মনে প্ৰাণে অসমীয়া ভাষা-সাহিত্যক চহকী কৰিবলৈ তেখেতে কৰা চৰ্চা আৰু অনুশীলন অতি অনুপম।

আজি জন্মবাৰ্ষিকীত মহান অসমীয়া গৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।