ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি খেল উপভোগ কৰাৰ লগতে খেলপথাৰত নামি দুই ভৰিত বল লৈ আনন্দ লাভ কৰোঁ
আজি ভোটান্ত সাদেৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা স্বৰ্গীয় হেমচন্দ্ৰ খাটনিয়াৰ সোঁৱৰণী চূড়ান্ত ট্ৰফী আৰু প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা খনিত উপস্থিত থকাৰ লগতে খেলখন উপভোগ কৰি আপ্লুত হ’লো ৷
আজিৰ খেলত দুয়োটা দলৰ খেলুৱৈ সকলৰ প্ৰদৰ্শন আছিল অতিকৈ দুৰ্দ্দান্ত ৷ তেওঁলোকৰ খেল উপভোগ কৰি উপস্থিত ৰাইজৰ লগতে মইও ৰোমাঞ্চিত হ’লো ৷ যিহেতু মোৰো খেলৰ প্ৰতি দুৰ্বলতা আছে সেয়েহে কিছুসময় খেলপথাৰত ফুটবল খেলি আনন্দ লাভ কৰোঁ ৷
আজিৰ ছেমি ফাইনেল প্ৰতিযোগিতাত বিজয়ী হোৱা দলটোৰ প্ৰতিজন খেলুৱৈক মোৰ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে চূড়ান্ত খেলখনলৈ খেলুৱৈ সকলক শুভেচ্ছা জনালোঁ ৷