জগতগুৰু জনাই অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনক অনন্য, অতুলনীয় অৱদানেৰে অনুপম কৰি থৈ গৈছে।

জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে অসমৰ অভিভাৱক সকললৈ মোৰ বিনম্ৰ আহ্বান

“হৰি ভকতিৰ পাতিলন্ত হাট

শঙ্কৰে জগত জুৰি।

ৰাম নাম ৰত্ন বেহায়া জগতে

চলয় বৈকুণ্ঠ পুৰী।।”

– নামঘোষা

শঙ্কৰ আমাৰ শিৰোমণি🙏May be an image of 2 people and text

জগতগুৰু জনাই অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনক অনন্য, অতুলনীয় অৱদানেৰে অনুপম কৰি থৈ গৈছে।

অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিক সুন্দৰৰ ৰূপ দি নিৰ্মাণ কৰোঁতা, ৰূপকাৰ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই অসমীয়া সমাজ-জীৱনক সম্প্ৰীতিৰ ডোলেৰে একত্ৰিত কৰি জাতিটোক যুগ যুগান্তৰলৈ সবল আৰু সক্ষম কৰি থৈ গৈছে ৷ আমাৰ জাতিটোক স্বাভিমানেৰে জীয়াই থাকিবলৈ জগত গুৰুজনাই সুন্দৰ আৰু পোহৰৰ বাটেৰে আৰু অমৃত বচনেৰে আলোক প্ৰদান কৰি থৈ গৈছে ৷

কলা-কৃষ্টি, সু-চিন্তা, সাহিত্য আৰু আধ্যাত্মিকতাৰ এখন সমাজ গঠন কৰিবলৈ তেৰাই দিয়া বোধ শক্তিয়ে আমাক সদায় উদ্বুদ্ধ কৰি আহিছে।

মই অসমৰ প্ৰতিগৰাকী অভিভাৱকৰ শ্ৰীচৰণত সেৱা লৈ আহ্বান জনাইছোঁ যে, তেওঁলোকৰ সতি-সন্তানক গুৰুজনাৰ আবিৰ্ভাৱৰ তিথি উপলক্ষে যাতে প্ৰত্যেকৰে ঘৰত তেৰাৰ জীৱনাদৰ্শন, আদৰ্শ, কৰ্ম তথা কৃষ্টি-সংস্কৃতিৰ বিষয়ে সম্যক হ’লেও আভাষ প্ৰদান কৰে যেন ।