অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধিবলৈ যি কৃষ্টি-সংস্কৃতিৰ সৃষ্টি কৰি থৈ গৈছে তাৰে ভিতৰত অন্যতম এই হৰিনামৰ আজি ভক্তিৰস পান কৰি নিজকে ধন্য মানিছোঁ ৷

“শঙ্কৰদেৱ কিনো তোমাৰ লীলাগোটেই ৰাতি ভকতক নামেৰে মুহিলা”

বৰঅসম গঢ়োতা, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি আবিৰ্ভাৱ তিথি উপলক্ষে পাটাছাৰকুছি সমষ্টিৰ কাচকুৰি, বৰঝাৰ, খাৰাধৰা, হীৰাপাৰা, ভদ্ৰকুছি, কঠালমূৰা অঞ্চলৰ বহুকেইটা নামঘৰত ভকত বৈষ্ণৱৰ সৈতে নাম প্ৰসংগত ভাগ লৈ আহ্লাদিত হৈছোঁ ৷

আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধিবলৈ যি কৃষ্টি-সংস্কৃতিৰ সৃষ্টি কৰি থৈ গৈছে তাৰে ভিতৰত অন্যতম এই হৰিনামৰ আজি ভক্তিৰস পান কৰি নিজকে ধন্য মানিছোঁ ৷ কলিত হৰিনামেই সাৰ ৷ সেয়েহে আজি গুৰুজনাৰ পুণ্য আবিৰ্ভাৱ তিথিত ভকত বৈষ্ণৱৰ সঙ্গ লৈ হৰিনামৰ অমিয়া মাধুৰী শ্ৰৱণ কীৰ্ত্তন কৰি গুৰুজনাৰ অভয় চৰণত শতকোটি প্ৰণাম জনাওঁ ৷