অসমীয়াৰ প্ৰাণপুৰুষ তথা জাতীয় জীৱনৰ পুৰোধা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে আজি বিজনী সত্ৰত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত ‘যুৱ সমাৰোহ’ ত উপস্থিত হৈ আনন্দিত হৈছোঁ।
গুৰু শ্ৰীমন্ত শংকৰদেৱে সাম্য আৰু মানৱতাৰ ভিত্তিত এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখিছিল৷ তেৰাৰ নৱ-বৈষ্ণৱ জাগৰণে অসমত সামাজিক-সাংস্কৃতিক নৱজাগৰণৰ যুগৰ সূচনা কৰিছিল ।
আজি যুৱ সমাৰোহত উপস্থিত থাকি আমাৰ নতুন প্ৰজন্মক তেৰাৰ জীৱনাদৰ্শন, সৃষ্টিৰাজীৰ বিষয়ে আলোকপাত কৰাৰ লগতে তেৰাৰ গুণানুকীৰ্ত্তন কৰি যুৱপ্ৰজন্মক উৎসাহিত কৰিবলৈ প্ৰয়াস কৰোঁ। যাতে, অনাগত দিনত আমাৰ নতুন প্ৰজন্মই গুৰুজনাই সৃষ্টি কৰা কৃষ্টি-সংস্কৃতিক আগুৱাই নিয়াৰ লগতে আধ্যাত্মিক ধ্যান-ধাৰণাৰে অসমীয়া সমাজ জীৱনক জীপাল কৰি ৰাখিব পাৰে।