বজালী জিলাৰ শঙ্কৰী সংস্কৃতি প্ৰকল্প, কাহাৰপাৰাত দুদিনীয়া কাৰ্যসূচীৰে অসমৰ অন্যতম জাতীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অন্তৰ্গত বজালী জিলা শাখা আৰু স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আজিৰ কাৰ্যসূচীত উপস্থিত থাকোঁ।
আয়োজক বৃন্দ আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সৈতে এক আধ্যাত্মিক পৰিৱেশৰ মাজত অতিবাহিত কৰা সময়খিনিয়ে অনাবিল প্ৰশান্তি দিলে। অনুষ্ঠানত সকলোৰে গুৰুজনাৰ আদৰ্শ, কীৰ্তিৰ প্ৰতি দেখা ভক্তিভাৱ আৰু আগ্ৰহে পৰম যোগাত্মক উপলব্ধি প্ৰদান কৰিলে। গুৰুজনাই দি যোৱা অমৃতময় আদৰ্শৰ বাটেৰে আগুৱাবলৈ এনেধৰণৰ অনুষ্ঠান তথা কাৰ্যসূচী নতুন প্ৰজন্মৰ বাবে এক অনত্যম কচৰৎ স্থলী হৈ ৰওঁক।