কাৰ্যকৰ্তা সকলৰ উদ্যম আৰু ৰাইজৰ আস্থাই তামুলপুৰত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত কৰিছে
আগন্তুক বিধান সভাৰ উপ-নিৰ্বাচন সমাগত ৷ সেয়েহে আজি ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত হোৱা ‘যৌথ কাৰ্যকৰ্তা সভা’ ত উপস্থিত থাকোঁ ৷
এই সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকি কাৰ্যকৰ্তা সকলক সম্বোধন কৰে ৷ লগতে, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰী ভবেশ কলিতা, অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা আৰু ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়োকে প্ৰমুখ্য কৰি বিষয়ববীয়া সকল উপস্থিত থাকে ৷
ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰ খনে নিৰন্তৰ ভাৱে কৰি অহা উন্নয়নমূলক কাম-কাজৰ বাবে ইতিমধ্যেই ৰাইজৰ আস্থাভাজন হৈ পৰিছে ৷ সেয়েহে আগন্তুক উপ-নিৰ্বাচনত তামুলপুৰৰ উন্নয়নৰ স্বাৰ্থত জনতা জনাৰ্দনে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ বিপুল ভোটত জয়যুক্ত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷