“ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।”

ঐশ্বৰ্য, বিভূতি, সুখ-শান্তিদায়িনীৰ দেৱী মা লক্ষ্মী পূজাৰ পবিত্ৰ ক্ষণত অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰাৰ লগতে লক্ষ্মী আইৰ চৰণত ভক্তিঅৰ্ঘ নিবেদন কৰিছোঁ।
দেৱী মা লৈ ষোড়শোপচাৰে আগবঢ়োৱা পূজা-অৰ্চনাৰ এই মাহেন্দ্ৰ-ক্ষণত আন্তৰিকতাৰে কামনা কৰিছোঁ লক্ষ্মী আইৰ আশিসত ৰাজ্যবাসীৰ সকলো অভাৱ-অনাটন, শোক-সন্তাপ, অপায় অমংগল দূৰ হৈ সকলোৰে জীৱন সুখ-শান্তি, সমৃদ্ধি তথা প্ৰাচুৰ্য্যৰে উপচি পৰক।