দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি আজি দেশত ১০০ কোটি ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হ’ল ৷ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ ৷

দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি আজি দেশত ১০০ কোটি ক’ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হ’ল ৷ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ ৷May be an image of 1 person and text that says "#VaccineCentury WORLD'S LARGEST VACCINATION PROGRAMME GATHERING SPEED 85 Days 45 Days Days per 10 crore vaccine doses 29 Days 24 Days 20 Days 19 Days 19 Days 14 Days Days 13 Days III11H 10 20 30 40 50 60 70 80 90 100 crore crore crore crore crore crore crore crore crore crore Source: Govt of India Ûf10BJ4In 0 www.bjp.org BJP4India"

কোৱা বাহুল্য যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃ্ত্ব আৰু চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত দেশে আজি এই ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ৷ এই মাহেন্দ্ৰ ক্ষণত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে চিকিৎসক সকল, স্বাস্থ্য কৰ্মী আৰু ক’ভিডৰ সৈতে সন্মুখৰ পৰা যুঁজ দিয়া প্ৰতিজন সৈনিকক আন্তৰিক অভিনন্দন জনাইছো ৷ লগতে, নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেখেত সকলে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দি মানৱতাৰ যি নিদৰ্শন দাঙি ধৰিলে তাৰবাবে তেখেত সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷

উল্লেখযোগ্য যে, ক’ভিড ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে ঐক্যবদ্ধ ভাৱে যি সহায়-সহযোগিতা আগবঢ়ালে তাৰবাবে তেওঁলোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷