সকলোকে সুপ্ৰভাত জনাইছো ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ ৷
ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ প্ৰদানে ‘জল জীৱন মিছন’ ৰ গতি অধিক তৰান্বিত কৰিব
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ‘জল জীৱন মিছনে’ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত খোৱা পানীৰ নল সংযোগ প্ৰদান কৰি আহিছে ৷ এই বিষয়ে ইতিমধ্যেই আমি আপোনালোকক অৱগত কৰি আহিছোঁ ৷
কিন্তু বিদ্যুৎ সংযোগ নথকাৰ বাবে আমি ৰাজ্যৰ বহু অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত খোৱা পানীৰ সংযোগ প্ৰদান কৰিব পৰা নাছিলোঁ ৷ এই সমস্যাৰ ওৰ পেলাই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা যোৱা কেবিনেট বৈঠকত অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ প্ৰদান কৰিবৰ বাবে ১৬১ কোটি টকাৰ অনুমোদন জনায় ৷ যাৰফলত ৰাজ্যৰ ৪৮,২৩১ টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩,১২০ খন প্ৰাথমিক বিদ্যালয় উপকৃত হ’ব ৷ এই পদক্ষেপে ৰাজ্যৰ বহু লাখ কণ কণ শিশুক এটুপি খোৱা পানী প্ৰদান কৰাত সহায় কৰিব ৷
এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷