তামুলপুৰ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ সৈতে মত বিনিময় আৰু জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ
আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ বিধানসভা সমষ্টিত বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ তামুলপুৰৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাওঁ ৷
ক্ৰেতা-বিক্ৰেতা সকলোৰে সৈতে মত বিনিময় কৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি তেখেতসকলৰ গভীৰ বিশ্বাস আৰু আস্থা দেখি আপ্লুত হ’লো ৷ ইয়াৰ লগতে, তামুলপুৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক বিনম্ৰ অনুৰোধ জনাওঁ ৷
আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মোৰ সৈতে উপস্থিত থাকে বিটিআৰৰ MCLA শ্ৰী হেমন্ত ৰাভা আৰু দলীয় কাৰ্যকৰ্তা সকল ৷