উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফৰ বহুকেইগৰাকী বিষয়ববীয়া তথা সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি দলৰ ভেঁটি শক্তিশালী কৰি তুলিলে
আজি তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ বিপিএফ দলৰ প্ৰায় ২০ গৰাকী বিষয়ববীয়া আৰু সদস্যই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷
আজি যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাক দললৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত সকলোৱে ঐক্যবদ্ধ ভাৱে ৰাইজৰ তথা দলৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনাইছোঁ ৷ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নতুন কাৰ্যকৰ্তাৰ যোগদানে আমাক উৎসাহিত কৰিছে আৰু দলৰ ভেঁটি অধিক শক্তিশালী কৰি তুলিলে ৷
এই যোগদান কাৰ্যসূচীত মোৰ সৈতে বিটিআৰৰ MCLA শ্ৰী হেমন্ত ৰাভা উপস্থিত থাকে ৷