‘জল জীৱন মিছন’ ৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা হৈছে ৷
আন আন ক্ষেত্ৰ সমূহৰ লগতে বৰ্তমানলৈকে অসমৰ ২৩,৫৯৩ খন বিদ্যালয় আৰু ৮,৪২৬ টা অংগনবাড়ী কেন্দ্ৰত খোৱাপানীৰ টেপ সংযোগ প্ৰদান কৰি শিশু-কিশোৰ সকলৰ জীৱন সুৰক্ষিত কৰা হৈছে ৷
উল্লেখ্য যে, যোৱা কেবিনেট বৈঠকত বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ সমূহত বিদ্যুৎ সংযোগ স্থাপন কৰাৰ অনুমোদন জনোৱা হৈছে ৷ ইয়াৰ ফলত ৰাজ্যত জল জীৱন মিছনে এক নতুন মাত্ৰা লাভ কৰিব ৷ বিদ্যুৎ সংযোগ নথকাৰ ফলত পানী সংযোগ দিব নোৱাৰা প্ৰতিখন বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত এতিয়া খোৱা পানীৰ টেপ প্ৰদান কৰিব পৰা যাব ৷
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এই নিৰৱচ্ছিন্ন যাত্ৰা পূৰ্ণগতিত অব্যাহত আছে ৷