আজি নাগ্ৰিজুলী বজাৰস্থিত ব্যৱসায় প্ৰতিষ্ঠান সমূহত উপস্থিত হৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰোঁ ৷
যিহেতু ব্যৱসায়িক ব্যস্ততাৰ বাবে ক্ৰেতা বিক্ৰেতা সকলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰে, সেয়েহে মই নিজেই বজাৰ সমূহত উপস্থিত হৈ তেওঁলোকৰ মনৰ ভাৱ বুজ লোৱাৰ লগতে মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনাওঁ ৷
এই কাৰ্যসূচীত মোক সংগ প্ৰদান কৰে বিধায়ক সকল ক্ৰমে শ্ৰী দিগন্ত কলিতা, শ্ৰী বিজয় মালাকাৰ, শ্ৰী জিতু গোস্বামী, EM শ্ৰী গৌতম দাস, শ্ৰী ধৰ্মনাৰায়ণ দাস আৰু প্ৰাক্তন বিধায়ক শ্ৰী ইমানুল মুছাহাৰীয়ে ৷
People’s participation enriches our efforts.
Businesses shouldn’t suffer, that’s why I visited the Nagrijuli market & interacted with the people.
Took a stock of their views and urged everyone to show their support for the our alliance’s candidate Shri Jalen Daimary.