৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শুক্লাই চেৰফাঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সমৰ্থনে জলেন দৈমাৰীৰ নিশ্চিত বিজয়ৰ উমান দিলে

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শুক্লাই চেৰফাঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সমৰ্থনে জলেন দৈমাৰীৰ নিশ্চিত বিজয়ৰ উমান দিলে

আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি ৫৮ নং তামুলপুৰ সমষ্টিৰ শুক্লাই চেৰফাঙত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকোঁ ৷

ৰাইজৰ অকুণ্ঠ স্নেহ আৰু আদৰ দেখি অতিকৈ অভিভূত হ’লো ৷ সভাত ৰাইজৰ বিশাল উপস্থিতিয়ে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনৰ প্ৰতি থকা বিশ্বাস আৰু আস্থাক পুনৰবাৰ প্ৰমাণ কৰিলে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সমূহৰ বিষয়ে আজিৰ সভাত ৰাইজৰ সন্মুখত আলোকপাত কৰোঁ আৰু তামুলপুৰৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰি তেখেতক ৰাইজৰ সেৱা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনাওঁ ৷

আজিৰ এই সভাত মোৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী ইউ. জি. ব্ৰহ্ম, সাংসদ শ্ৰী ভুবনেশ্বৰ কলিতা, বিধায়ক শ্ৰী ভাস্কৰ শৰ্মা, শ্ৰী দিগন্ত কলিতা, শ্ৰী গণেশ লিম্বু, ইউপিপিএল দলৰ বিধায়ক শ্ৰী জয়ন্ত বসুমতাৰী, প্ৰাক্তন বিধায়ক শ্ৰী ইমানুল মুছাহাৰী, শ্ৰী সত্যব্ৰত কলিতা, EM শ্ৰী গৌতম দাস, পৰ্যটন বিভাগৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ শ্ৰী অশোক ভট্ট ৰায় আৰু দলীয় বিষয়ববীয়া সকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে ৷May be an image of 16 people, people walking, people standing, crowd and outdoors

Presence of Hon’ble CM Dr Himanta Biswa Sarma Dangoria in Suklai Serfang gives a new impetus to our campaign for our alliance candidate Shri Jalen Daimary for the upcoming by-elections.

We are thrilled by the overwhelming response and support received from the people.

BJP Assam Pradeshঅসম গণ পৰিষদ – Asom Gana Parishad -AGPUnited People’s Party Liberal -UPPL