জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ

জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏

আজি সম্পূৰ্ণ ভক্তিভাৱেৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ উপলক্ষে নাগ্ৰিজুলী শাখাসত্ৰ (ভাউৰাগুৰী) ত উপস্থিত হৈ গুৰুজনাৰ শ্ৰীচৰণ সেৱা জনাই প্ৰাৰ্থনা কৰোঁ। মোৰ সৈতে তামুলপুৰ জিলা বিজেপিৰ সভাপতি শ্ৰী ভিক্টৰ দাসেও গুৰুজনাক সেৱা ধৰে ৷

গুৰুজনাৰ নীতি-আদৰ্শ, জীৱনাদৰ্শন তথা সৃষ্টি সমূহৰ ওপৰত উপস্থিত ভকত বৈষ্ণৱৰ সৈতে আলোচনা কৰি আপ্লুত হওঁ। তেৰাৰ আদৰ্শৰে আমাৰ সমাজ আৰু অধিক উত্তৰণমুখী হওঁক, তাৰেই আশা কৰিছোঁ ।

Visited the Nagrijuli sakhasatra (Vauraguri) to mark 573rd birth anniversary of Jagatguru Srimanta Sankardev Gurujana & offered my prayers at his sricharan.

Let Gurujana’s principles and philosophy of life lead our society towards a progressive future.