উন্নয়নৰ স্বাৰ্থত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত

উন্নয়নৰ স্বাৰ্থত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত

আগন্তুক উপ-নিৰ্বাচন উপলক্ষে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ ৷

উক্ত সভাত ৰাইজৰ বৃহৎ সংখ্যক উপস্থিতি আৰু উৎসাহ উদ্দীপনাই আগন্তুক উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰী বিজয়ী হোৱাৰ নিশ্চিতি প্ৰদান কৰিলে ৷ তামুলপুৰৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মাৰবান্ধি সাজু হৈছে, সভাত উপস্থিত বিশাল সংখ্যক ৰাইজে আজি এই কথাৰ প্ৰমাণ দিলে ৷

আজিৰ এই প্ৰচাৰ সভাত মোৰ সৈতে বিজেপি অসম প্ৰদেশৰ সভাপতি শ্ৰী ভবেশ কলিতা, ইউপিপিএলৰ সভাপতি শ্ৰী প্ৰমোদ বড়ো, বিধায়ক শ্ৰী দিগন্ত কলিতাকে আদি কৰি দলীয় বিষয়ববীয়া সকল উপস্থিত থাকে ৷