ৰাইজৰ অকুণ্ঠ স্নেহ আৰু আদৰে অভিভূত কৰিলে …
আজি তামুলপুৰ সমষ্টিৰ অন্তৰ্গত নাওকাটাৰ বজাৰত আগন্তুক উপ-নিৰ্বাচন উপলক্ষে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁ। মোৰ সৈতে এই প্ৰচাৰ অনুষ্ঠানত বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য শ্ৰী গোবিন্দ বসুমতাৰী আৰু দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
বজাৰত থকা প্ৰতিগৰাকী বিক্ৰেতা তথা উপস্থিত ক্ৰেতাৰ পৰা তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ বুজ লোৱাৰ সমান্তৰালকৈ তেওঁলোকৰ এই অভাৱ-অভিযোগ সমূহ অতিশীঘ্ৰে দূৰ কৰিবলৈ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰীক এক সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাওঁ। আমাৰ দলৰ প্ৰতি থকা তেওঁলোকৰ উৎসাহ দেখি যথেষ্ট অভিভূত হ’লো আৰু আগন্তুক উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ সুনিশ্চিত বিজয়ৰ উমান পালোঁ ৷
We are overwhelmed by the generous affection of the people.
Today’s campaign for BJP alliance candidate Jalen Daimary in Nowkata for the upcoming by-elections went approvingly well. Interacting & sharing views with people firms our resolve of Tamulpur’s development.