বিশিষ্ট ইতিহাসবিদ, পুৰাতত্ত্ববিদ, নেচনেল মিউজিয়ামৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ৰবীন্দ্ৰনাথ দেৱচৌধুৰী দেৱৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ

বিশিষ্ট ইতিহাসবিদ, পুৰাতত্ত্ববিদ, নেচনেল মিউজিয়ামৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ৰবীন্দ্ৰনাথ দেৱচৌধুৰী দেৱৰ বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ আৰু গভীৰ দুখ প্ৰকাশ কৰিছোঁ ৷May be an image of text

উল্লেখ্য যে, পাটাছাৰকুছিৰ পৰা আহি ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হোৱা ৰবীন্দ্ৰনাথ দেৱচৌধুৰী সমগ্ৰ দেশৰে এক উজ্জ্বল নক্ষত্ৰ ৷ তেখেতে অসমৰ লগতে দেশৰ মিউজিয়াম, পুৰাতত্ত্ব, সংস্কৃতি, ইতিহাস আদি বিষয়ৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে ৷ ইয়াৰোপৰি, তেখেতে নেচনেল মিউজিয়ামত উত্তৰ-পূবক এক সুকীয়া স্থান প্ৰদান কৰি থৈ গৈছে ৷ এনে এজন বিশিষ্ট পুৰাতত্ত্ববিদ তথা ইতিহাসবিদৰ বিয়োগ সমগ্ৰ অসমৰ লগতে দেশৰ এক অপুৰণীয় ক্ষতি ৷

তেখেতৰ বৈকুণ্ঠগামী আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধ সকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷

৷৷ ঔঁম শান্তি ৷৷