“মিছন সদ্ভাৱনা” ৰ জৰিয়তে অধিক ত্বৰান্বিত গতিত নিষ্পত্তি হ’ব

“মিছন সদ্ভাৱনা” ৰ জৰিয়তে অধিক ত্বৰান্বিত গতিত নিষ্পত্তি হ’ব সচিবালয়ত জমা হৈ থকা পুৰণি ফাইলৰ কাম

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত এখনি সংবাদ মেল সম্বোধন কৰি ‘মিছন সদ্ভাৱনা’ ৰ ওপৰত আলোকপাত কৰে ৷

‘মিছন সদ্ভাৱনা’ ৰ যোগেদি ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত ২০২১ চনৰ মে’ মাহৰ আগলৈকে নিষ্পত্তি নোহোৱাকৈ সচিবালয়ত জমা হৈ থকা পুৰণা ফাইল বা কেছবোৰ ২০২২ চনৰ মে’ মাহৰ আগতে নিষ্পত্তি কৰিবৰ বাবে এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ অনলাইন যোগে হ’বলগীয়া এই ব্যৱস্থাই সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক উপকৃত কৰিব আৰু আগন্তুক দিনত নিজ জিলাতেই বিভাগীয় কাম-কাজ নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ’ব ৷

এই সংবাদ মেলত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ লগতে সতীৰ্থ মন্ত্ৰী শ্ৰী অতুল বৰা ডাঙৰীয়া আৰু শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই সংগ প্ৰদান কৰোঁ ৷

Project #Sadbhawna to bring huge relief for the citizens

Under the BJP-led Assam govt, a one time initiative has been taken to dispose all old cases in a time bound manner through a portal.

Grateful to HCM Dr Himanta Biswa Sarma dangoria for this initiative.

CMO AssamAtul Bora অতুল বৰাChandra Mohan PatowaryMyGov Assam