মহিলা সবলীকৰণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনৰ ‘অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে’ বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷

মহিলা সবলীকৰণৰ ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনৰ ‘অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে’ বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা সকলক স্বাৱলম্বী হোৱাৰ দিশত সহায়-সহযোগিতা আগবঢ়াই অহাৰ লগতে এই বিভাগটোৱে মহিলা সকলৰ সপোন সাৰ্থক কৰাত অগ্ৰণী ভূমিকা লৈ আহিছে ৷

উদাহৰণ স্বৰূপে মই পকাৰজাই গাঁও পঞ্চায়তৰ ৰংদৈ আমগুৰি গাঁৱৰ শ্ৰীমতী ইলা দাসৰ কথা ক’ব বিচাৰিছোঁ ৷ তেখেতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ‘মেটেকা কাৰুশিল্প প্ৰকল্প’ ৰ প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ বেগ, টুপি, হেণ্ডবেগ ইত্যাদি প্ৰস্তুত কৰে আৰু সেই সামগ্ৰী সমূহ থলুৱা বজাৰত বিক্ৰী কৰি লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এইক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৷

তলত উল্লেখিত লিংকত ইলা দাসৰ এই সফল কাহিনীৰ সবিশেষ আপোনালোকে জানিব পাৰিব ৷

https://www.facebook.com/521756554685495/posts/1568002393394234/

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ় দিয়াৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে সহযোগিতা আগবঢ়াই ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলা সদস্য সকলক স্বাৱলম্বী হোৱাত সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে ৷ আত্মসহায়ক গোটৰ মহিলা সকলে কেনেদৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি আত্মনিৰ্ভৰশীল হৈছে সেইবিষয়ে জানিবলৈ আপোনাৰ নিকটৱৰ্তী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত যোগাযোগ কৰক ৷

পৰৱৰ্তী সময়ত মই আপোনালোকৰ জ্ঞাতাৰ্থে অসমৰ প্ৰতিখন জিলা তথা প্ৰতিটো অঞ্চলৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ ঠিকনাৰ সবিশেষ তথ্য উল্লেখ কৰিম ৷