অভিশপ্ত ৩০ অক্টোবৰ, ২০০৮ ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই আজিও আমাৰ বুকু কঁপাই তোলে। দুঃসহ সেই দিনটোৰ স্মৃতিৰে আমি সকলো শোকাৰ্ত ।

অভিশপ্ত ৩০ অক্টোবৰ, ২০০৮ ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই আজিও আমাৰ বুকু কঁপাই তোলে। দুঃসহ সেই দিনটোৰ স্মৃতিৰে আমি সকলো শোকাৰ্ত ।May be an image of text

এই ঘটনাত যি সকল নিৰপৰাধী লোকে নিজ প্ৰাণ হেৰুৱালে তেখেত সকলৰ প্ৰতি সহৃদয় শ্ৰদ্ধা নিবেদন কৰিছোঁ । তেখেত সকলৰ শোকগ্ৰস্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনাইছোঁ। আহত সকলক নেদেখা জনে পৰম শক্তি দিয়ক, তাৰে কামনাৰে প্ৰাৰ্থনা জনাইছোঁ ।

নিৰীহৰ তেজেৰে ফাঁকু খেলি ভালপোৱা এনেবোৰ শক্তিক মষিমূৰ কৰাৰ অৰ্থে আহক আমি একতা, শান্তিৰ সমাজ গঠন কৰি এখন সম্প্ৰীতি-সমৃদ্ধি অসম গঢ়াৰ বাবে আমাৰ স্ব-দায়িত্ব সমূহ পালন কৰোঁ ।