আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰত্যাশাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অবিৰত যাত্ৰা …

আত্মনিৰ্ভৰ অসম গঢ়াৰ প্ৰত্যাশাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অবিৰত যাত্ৰা …

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ বাবে জীৱিকা নিৰ্বাহৰ সৃষ্টি কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা আৰু সামাজিক সুৰক্ষা তথা দুখীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কাম কৰি আহিছে ৷ অসম চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিক সাৰোগত কৰি দেশৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন ধ্বজাবাহী আঁচনিৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ পৰিৱেশ সলনি কৰিবলৈ অহোপুৰুষাৰ্থ কৰা হৈছে ৷May be an image of 5 people and text

আপোনালোকে জানিবলৈ পাই সুখী হ’ব যে, ৰাজ্য চৰকাৰে ইতিমধ্যেই প্ৰতিমাহৰ ১০ তাৰিখে সকলো পেঞ্চন আঁচনিৰ ধন হিতাধিকাৰী সকলৰ নিজ নিজ বেংক একাউন্টত পোনপটীয়াকৈ জমা দিয়াৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, চলিত অক্টোবৰ মাহত বিভিন্ন পেঞ্চন আঁচনিৰ জৰিয়তে ৰাজ্যৰ মুঠ ২২,৪৫,৭৭১ গৰাকী হিতাধিকাৰীয়ে ৬,৬০১.৯৭৭ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে ৷

এই পেঞ্চন শিতানৰ পৰিসংখ্যা এনেধৰণৰ –

⚛️ ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিঃ

হিতাধিকাৰীৰ সংখ্যা – ৬,৫৯,২২৫ গৰাকী

ধনৰ পৰিমাণ – ২৪১৭.৪৭৫ লাখ

⚛️ ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিঃ

হিতাধিকাৰীৰ সংখ্যা – ১,০৯,১০৩ গৰাকী

ধনৰ পৰিমাণ – ৩২৭.৩৬ লাখ

⚛️ ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিঃ

হিতাধিকাৰীৰ সংখ্যা – ৩৩,৯০২ গৰাকী

ধনৰ পৰিমাণ – ১০১.৮০৫ লাখ

⚛️ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিঃ

হিতাধিকাৰীৰ সংখ্যা – ১২,৬৩,৫৬৩ গৰাকী

ধনৰ পৰিমাণ – ৩২০৬.৪৬৯ লাখ

⚛️ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিঃহিতাধিকাৰীৰ সংখ্যা – ১,৭৯,৯৭৮ গৰাকীধনৰ পৰিমাণ – ৫৪৮.৮৬৮ লাখ