সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু সকলোৰে কল্যাণ কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷

#GoodMorningEveryone#সুপ্ৰভাত

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু সকলোৰে কল্যাণ কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷May be an image of text

আপোনালোকে জানে যে, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে “জল জীৱন মিছন” ৰ জৰিয়তে অসমৰ প্ৰতিটো প্ৰান্ততে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰি আছে ৷ আৰু মই প্ৰতিদিনে ইয়াৰ খতিয়ান ৰাইজৰ জ্ঞাতাৰ্থে সামাজিক মাধ্যমৰ যোগেদি অৱগত কৰি আহিছোঁ ৷

এইখিনিতে ৰাইজক এটা কথা জনাব বিচাৰো যে, “জল জীৱন মিছন” ৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰে ঘৰে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা ৷ এই আঁচনিৰ যোগেদি পৰ্যায় ক্ৰমে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে এই সুবিধা লাভ কৰাটো নিশ্চিত ৷ ৰাজ্য চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে যে, আগন্তুক ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত অসমত মুঠ ৬৫ লাখতকৈ অধিক পৰিয়ালে খোৱা পানীৰ টেপ সংযোগ লাভ কৰিব ৷

মোৰ পোষ্টত বহুলোকে খোৱা পানীৰ সংযোগ লাভ কৰাৰ কথা কমেন্ট যোগে জনাইছে ৷ মই অতিশয় সুখী হওঁ যেতিয়া ৰাইজে এটুপি খোৱা পানী পাইছো বুলি মোক জনায় ৷

কিন্তু দুখৰ বিষয় যে, বহুলোকে কমেন্ট দিয়া মোৰ পৰিলক্ষিত হৈছে যে পানী যোগান আঁচনি স্থাপন হোৱাৰ পিছতো তেওঁলোকে আঁচনিৰ সুবিধা লাভ কৰা নাই ৷ সেয়েহে, আজি সেইসকল শ্ৰদ্ধেয় ৰাইজক মই জনাব খোজোঁ যে, তেওঁলোকৰ অভিযোগ সমূহ সঠিক আৰু সম্পূৰ্ণ ৰূপত তলত উল্লেখিত লিংকত প্ৰেৰণ কৰক ৷

Link 👉: https://bit.ly/3GEdpqY

যাতে মই সংশ্লিষ্ট বিষয়াক সেইবিষয়ে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনাব পাৰোঁ ৷ কিয়নো, সম্পূৰ্ণ আৰু সঠিক ৰূপত বিষয়টো নাজানিলে আমাৰ তৰফৰ পৰা উচিত ব্যৱস্থা গ্ৰহণ কৰাত অসুবিধা হয় ৷ আশা কৰোঁ, শ্ৰদ্ধাৰ ৰাইজে এইক্ষেত্ৰত পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব আৰু সমস্যা সমূহ নিষ্পত্তি কৰাত অংশীদাৰ হ’ব ৷ ধন্যবাদ 🙏