স্বাধীন ভাৰতৰ অন্যতম খনিকৰ “লৌহমানৱ” চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াক তেখেতৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

স্বাধীন ভাৰতৰ অন্যতম খনিকৰ “লৌহমানৱ” চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াক তেখেতৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।May be an image of 1 person and text

ৰাষ্ট্ৰৰ অখণ্ডতা, স্বতন্ত্ৰতাৰ হকে তেখেতৰ সেৱা তথা ভূমিকা আছিল অপৰিসীম। সমগ্ৰ দেশবাসীক একত্ৰিত কৰিবৰ বাবে সদা অহোপুৰুষাৰ্থ কৰা মহান মনীষী গৰাকীৰ আৰ্দশ, কৰ্মৰাজিক সুঁৱৰি ভাৰত চৰকাৰৰ উদ্যােগত তেখেতৰ জন্মবাৰ্ষিকীত উদযাপন কৰা হয় “ৰাষ্ট্ৰীয় একতা দিৱস”।

আহক, এই পবিত্ৰ দিনটোত তেখেতৰ মহান আদৰ্শ, চিন্তা-চেতনা-সেৱাক হৃদয়ংগম কৰি ঐক্যবদ্ধ ভাৱে ভাৰত মাতৃক বিশ্বৰ বুকুত এখন শক্তিশালী-সমৃদ্ধিশালী অন্যতম ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠাৰ সংকল্প লওঁ।

দেশৰ নতুন প্ৰজন্মৰ বাবে “লৌহমানৱ” সৰ্বদা হৈ ৰওঁক সাহস-প্ৰেৰণা সংপৃক্ত সঞ্জীৱনীৰ সঞ্জাত…