আৱাহন থিয়েটাৰৰ চলিত বৰ্ষৰ নাট “জয়মতী” ত কলা-কুশলী সকলৰ অভিনয়ে আমাৰ বুৰঞ্জীক পুনঃজীৱিত কৰি তুলিলে
আজি বাইহাটা চাৰিআলিত মঞ্চস্থ হোৱা আৱাহন থিয়েটাৰৰ “জয়মতী” নাট খন চাই আপ্লুত হ’লো ৷ যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ লগতে আন কলা-কুশলী সকলৰ বলিষ্ঠ অভিনয়ত প্ৰাণ পাই উঠা এই নাটক খনে মোক আৱেগিক কৰি তুলিলে ৷
স্বদেশপ্ৰেম আৰু ত্যাগৰ প্ৰতিমূৰ্তি সতী জয়মতীৰ কথা আমি প্ৰতিজন স্বাভিমানী অসমীয়াই জানো আৰু তেওঁৰ ত্যাগক আমি আজিও মৰ্মে মৰ্মে উপলব্ধি কৰোঁ ৷
মই সকলোকে আহ্বান জনাব বিচাৰো আৱাহন থিয়েটাৰৰ এই জয়মতী নাট খন চাবলৈ ৷ বিশেষকৈ নতুন প্ৰজন্মই আমাৰ ইতিহাস তথা বুৰঞ্জীৰ বিষয়ে জনাটো নিত্যান্তই প্ৰয়োজন ৷ লগতে কলা-কুশলী সকলৰ সাৱলীল অভিনয়ে সকলোৰে মন মোহিত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷
আজিৰ এই নাটখনি উপভোগ কৰা সময়ত মোক সংগ প্ৰদান কৰে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক, প্ৰযোজক তথা ভ্ৰাম্যমাণ জগতৰ উজ্বল নক্ষত্ৰ কৃষ্ণ ৰয় আৰু যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই ৷