জীৱন আৰু স্বাস্থ্য একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ কোনো কামত ধাৰাবাহিকতা ৰক্ষা কৰাটো সহজ নহয় । #সুপ্ৰভাত#GoodMorning “It’s not what we do in a while that shapes our lives.It’s what we do constantly.”-Tonny Robins. জীৱন আৰু স্বাস্থ্য একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ কোনো কামত ধাৰাবাহিকতা ৰক্ষা কৰাটো সহজ নহয় । স্বাস্থ্য ৰক্ষাত ধাৰাবাহিকতা ৰক্ষা কৰিবৰ যত্ন কৰিছোঁ । প্ৰাতঃভ্ৰমণৰ অংশ হিচাপে আজি পুৱা পাঠশালাৰ পৰা সকলোকে এটি নতুন দিনৰ সম্ভাষণ জনাইছোঁ আৰু সকলোৰে মঙ্গল কামনা কৰিছোঁ ৷ আজি আপোনালোকক আনন্দ সহকাৰে জনাব বিচাৰো যে, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত “জল জীৱন মিছন” ৰ জৰিয়তে যোৱা অক্টোবৰ মাহত বিভাগে গ্ৰামাঞ্চলৰ প্ৰায় ১,৭০,৫৮৫ টা পৰিয়ালক খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ যদিও অক্টোবৰ মাহত কেইবাদিনো দুৰ্গা পূজাৰ বন্ধ আছিল তৎস্বত্তেও নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে নিজ লক্ষ্যত উপনীত হ’বলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা সমূহ জিলা উপায়ুক্ত, জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া, মহকুমাধিপতি, চক্ৰ বিষয়া, কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তাৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰী সকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ ৷ Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more