গণতন্ত্ৰত ৰাইজেই ৰজা – এই কথাটো আমি প্ৰত্যেকেই জানো ৷

গণতন্ত্ৰত ৰাইজেই ৰজা – এই কথাটো আমি প্ৰত্যেকেই জানো ৷ ৰাইজৰ সক্ৰিয় সহযোগিতাৰ অবিহনে চৰকাৰ এখন বা বিভাগ এটা সুচাৰুৰূপে পৰিচালনা কৰাটো সম্ভৱ নহয় ৷ যদিহে ৰাইজৰ সহযোগিতা নাথাকে আৰু চৰকাৰ বা বিভাগ সমূহ কেৱল মন্ত্ৰী তথা বিষয়া কৰ্মচাৰীয়ে চলায় সেয়া একপক্ষীয় হ’ব ৷May be an image of one or more people and text that says "দুর্নীতি, অনিময়ব অভিযোগত পঞ্চায়ত আকু গ্রামোন্নয়নৰ কেইবাগবাকী বিষয়া কর্মচাবীক চাকৰিব পবা অব্যাহতি, নিলম্বন পঞ্ঞায়ত আক্ু গ্রামোন্নয়ন বিভাগব অধীনৰ এমজিএনবেগা আবু পিএমএবাইজি আঁচনি কপায়ণত দুর্নীতি আকু বিত্তীয় অনিময় কবা অভিযোগ লাভ কবাব পিছত বিভাগে তদন্ত কবে। এই তদন্তব ফলত অভিযোগৰ সত্যতা প্রমান হোরাত কেইবাগবাকী অভিযন্তা আকু বিষয়া কর্মচাবীক তৎকালীনভাবে চাকৰিব পবা অব্যাহতি দিছে আকু বহুকেইজনক নিলম্বিত কবিছে। 1153162"

বিগত দিনত ৰাইজৰ অভিযোগৰ ভিত্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ ওপৰত তদন্ত কৰা হৈছিল আৰু সেইয়া সত্য প্ৰমাণিত হোৱাত যোৱা দুদিনত বিভাগে বহুকেইজন অভিযন্তা, বিষয়া আৰু কৰ্মচাৰীক তৎকালীন ভাৱে চাকৰিৰ পৰা অব্যাহতি দিছে আৰু বহুকেইজনক নিলম্বিত কৰিছে ৷ মই উপলব্ধি কৰোঁ, এইয়া সম্ভৱ হৈছে কেৱল ৰাইজৰ সদিচ্ছা আৰু সক্ৰিয় সহযোগিতাৰ বাবে ৷

গতিকে মই অনাগত দিনটো বিভাগৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাত ৰাইজৰ সক্ৰিয় সহযোগিতা কামনা কৰিছোঁ ৷ আশাকৰোঁ, ৰাইজে পূৰ্বৰ দৰেই ভুল ত্ৰুটি খিনি আঙুলিয়াই দিয়াৰ লগতে সহযোগিতা আগবঢ়াই যাব ৷

We are taking a firm stand against corruption & financial irregularities under P&RD.

Through many investigations based on public grievances, the Dept has terminated & suspended several engineers, officers & staff. People’s cooperation helps to bring fairness in governance.

Panchayat & Rural Development, Assam