ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰতি ৰাইজৰ অকুণ্ঠ স্নেহ আৰু আস্থাৰ প্ৰতিফলন এয়া
সমাপন হৈ যোৱা উপ-নিৰ্বাচনত পাঁচোটা বিধান সভা সমষ্টি ক্ৰমে থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোঁসাইগাঁও, তামুলপুৰৰ ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ আটাইকেইগৰাকী বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।
ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰতি পুনৰবাৰ আটাইকেইটা সমষ্টিৰ ভোটাৰ ৰাইজে যি অকুণ্ঠ স্নেহ, আদৰ আৰু আস্থা প্ৰদৰ্শন কৰিলে তাৰ প্ৰতি অশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনালোঁ ।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন দুয়োখন চৰকাৰক আন সমষ্টিৰ দৰেই সেৱা কৰাৰ সুযোগ দিয়া এই সমষ্টিকেইটিৰ ৰাইজৰো আশা-আকাংক্ষাক বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ আমাৰ চৰকাৰ তথা দল বদ্ধপৰিকৰ ।
ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ সকলো কাৰ্যকৰ্তাক অলেখ শুভেচ্ছা আৰু কৃতজ্ঞতা জনালোঁ । সকলোৰে অপৰিসীম কষ্ট আৰু সেৱাৰ প্ৰতি শত শত নমন জনাইছোঁ ।
The results reflect peoples’ confidence in BJP & its allies, under the leadership of Hon’ PM Shri Narendra Modi Dangoria & HCM Dr Himanta Biswa Sarma Dangoria.
Congratulations to the candidates of Thowra, Mariani, Bhabanipur, Gossaigaon & Tamulpur on their victory.