তামুলপুৰ সমষ্টিবাসী ৰাইজলৈ মোৰ স্নেহভৰা কৃতজ্ঞতা আৰু সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ
সদ্য সমাপ্ত হোৱা অসম বিধান সভাৰ উপ-নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ মই তত্বাৱধায়ক আছিলোঁ ৷
দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে মই বিগত দিনকেইটিত নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ ৷ সভা সমিতিবোৰত ৰাইজৰ আমাৰ প্ৰতি থকা স্নেহভৰা আদৰ আৰু উৎসাহ- উদ্দীপনাত মিত্ৰজোঁটৰ জয় হ’ব বুলি মই প্ৰায় নিশ্চিত আছিলোঁ ৷
আজি ঘোষণা হোৱা অভূতপূৰ্ব নিৰ্বাচনী ফলাফলে মোক অতিকৈ আনন্দিত কৰিলে ৷ তামুলপুৰ সমষ্টিবাসী ৰাইজৰ জনাদেশৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু প্ৰতিগৰাকী ভোটাৰ ৰাইজক তেওঁলোকৰ অকুণ্ঠ আদৰ তথা আমাৰ প্ৰাৰ্থী গৰাকীৰ প্ৰতি আস্থা প্ৰকাশৰ বাবে অশেষ কৃতজ্ঞতা জনাইছোঁ ৷
ইয়াৰোপৰি, সমষ্টিটোৰ প্ৰতিটো বুথ তথা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগতে তামুলপুৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা প্ৰতিজন দলীয় বিষয়ববীয়াক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷