ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ‘জল জীৱন মিছন’ৰ জৰিয়তে অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা সমান্তৰালকৈ বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ সমূহতো পানী যোগান দি থকা হৈছে ।
উল্লেখনীয় ভাৱে বিগত সময়ছোৱাত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে অসমত ২৪১৮১ খন বিদ্যালয় আৰু ৮৯৫৬ টা অঙ্গনবাড়ী কেন্দ্ৰত খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰি শিশু তথা কিশোৰ-কিশোৰী সকলৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা তথা সদিচ্ছাৰ ফলস্বৰূপে এয়া সম্ভৱ হৈ উঠিছে ৷ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱা পানী যোগান সপোনক সাকাৰ ৰূপত দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰৱচ্ছিন্ন যাত্ৰা অব্যাহত থাকিব ৷