ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিত গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দিলে এক অভিযান চলায় ৷

ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিত গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দিলে এক অভিযান চলায় ৷ এই অভিযানত দলটোৱে জিলাখনৰ নলাপাৰৰ আলমীত অৱস্থিত মেচাৰ্ছ উত্তৰ মৰঙি জিপিএছৰ সুলভ মূল্যৰ ব্যৱসায়ী জানমনি হাজৰিকাৰ দোকানত বহুখিনি অনিয়ম হৈ থকাৰ কথা জানিব পাৰি অধিক তদন্ত কৰে ৷

এই তদন্তত ব্যৱসায়ী গৰাকীয়ে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পাবলগীয়া চাউলৰ আঢ়ৈ কিলোগ্ৰামকৈ কৰ্তন কৰি ৰখা, খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল আৰু কেৰাচিন তেল মজুতকৰণৰ পঞ্জীয়ন বহী নৰখা, জিলা উপায়ুক্তৰ নিৰ্দেশ উলংঘা কৰি মূল্য আৰু মজুত সামগ্ৰীৰ তথ্যসম্বলিত ব’ৰ্ড ৰাজহুৱাকৈ আঁৰি নোথোৱা আৰু প্ৰশাসনে দোকান খোলা ৰাখিবলৈ নিৰ্ধাৰণ কৰি দিয়া সময়ত দোকান বন্ধ ৰখা আদি বিভিন্ন অভিযোগৰ সত্যতা প্ৰমাণিত হয় । ইয়াৰোপৰি, ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে নতুনকৈ ছপা হোৱা ৰেচন কাৰ্ডসমূহ ৰাখি থোৱা আৰু এইসমূহ দিয়াৰ বাবদ গ্ৰাহকৰ পৰা ৫০ টকাকৈ ধন দাবী কৰাৰো অভিযোগ উঠিছে । এই অভিযানকালত দলটোৱে গ্ৰাহকৰ পৰা কৰ্তন কৰি ৰখা চাউল অন্য ঠাইলৈ প্ৰেৰণ কৰাৰো তথ্য লাভ কৰে । পৰৱৰ্তী সময়ত ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷

এইধৰণৰ দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ভাৱে ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু অনাগত দিনটো কৰি যাব ৷ ৰাইজৰ প্ৰতিও বিনম্ৰ আহ্বান, দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে সাহসেৰে ঠিয় দিয়ক আৰু প্ৰশাসনক সেইবিষয়ে অৱগত কৰক ৷