বৰপেটা সত্ৰৰ বৰ বায়ন, সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক, সত্ৰ ভূষণ তথা সংগীত নাটক একাডেমী প্ৰাপ্ত বিশিষ্ট সত্ৰীয়া শিল্পী জগন্নাথ বায়ন দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
জগন্নাথ বায়ন দেৱৰ মহাপ্ৰয়াণ অসমীয়া সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি। নিজ জীৱন কালত তেখেতে একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে সত্ৰীয়া সংস্কৃতিৰ সাধনাত ব্ৰতী থাকি আমাৰ সমাজ জীৱনলৈ যি অনবৈদ্য অৱদান আগবঢ়াই গ’ল, সেয়া চিৰস্মৰণীয়। বৰপেটা জিলাত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমৰ পৰম্পৰাগত খোল-বাদ্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতক সংগীত নাটক অকাডেমীয়ে ২০১৭ বৰ্ষত অকাডেমী বঁটা আগবঢ়াইছিল।
তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান পাওঁক, তাৰেই কামনা কৰিছোঁ। লগতে, তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ।