সকলোৰে বাবে দীপাৱলী হওঁক নিৰাপদ,সুখ-শান্তিৰে সমৃদ্ধ। এখন সুন্দৰ, সেউজ ৰাজ্য গঢ়াৰ আন্তৰিক কামনাৰে সকলোৱে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰেৰে প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ যত্ন কৰো আহক…
উল্লেখ্য যে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক দীপাৱলীৰ উপহাৰ হিচাবে ৫ টকা পেট্ৰলত আৰু ১০ টকা ডিজেলৰ দাম হ্ৰাস কৰাৰ সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও ৰাজ্যবাসীক দীপাৱলীৰ উপহাৰ হিচাবে ৭ টকাকৈ পেট্ৰল আৰু ডিজেলৰ দাম হ্ৰাস কৰিছে ৷
যাৰফলত অসমত পেট্ৰলত মুঠ ১২ টকা আৰু ডিজেলত মুঠ ১৭ টকা হ্ৰাস পাইছে ৷ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
The Narendra Modi Govt. has given a great Diwali gift to all Indians, by announcing reduction in Excise Duty on Petrol and Diesel.
I thank the Hon’ble PM Narendra Modi dangoriya as this decision shall give great relief to common man and help control inflation.
In addition, Government of Assam shall reduce an additional Rs 7 on Petrol and Rs 7 on Diesel, thereby reducing the price of diesel by Rs 17 per litre and petrol by Rs 12 per litre.