আজি ২০১৯-২০ বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত নিৰ্মিত ২ লেনযুক্ত উৰণীয় সেঁতুৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছোঁ। সেঁতুখনৰ উদ্বোধন কৰে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।
উল্লেখ্য যে, পল্টনবজাৰৰ পৰা আৰম্ভ কৰি ছুপাৰ মাৰ্কেট, লাষ্টগেট তথা গণেশগুৰিৰ পৰা খানাপাৰালৈ যান-যঁটৰ সমস্যা হ্ৰাস কৰাৰ লগতে মসৃণ যাতায়ত ব্যৱস্থাৰ লক্ষ্য আগত ৰাখি এই উৰণীয়া সেঁতুখন অভিলেখ সৃষ্টিৰে নিৰ্ধাৰিত ৩৬ মাহৰ পৰিৱৰ্তে ২২ মাহতেই সম্পূৰ্ণ কৰি উলিওৱা হৈছে।
১২০৫.০০ মিটাৰ দৈৰ্ঘ্যৰ এই সেঁতুখন নিৰ্মাণ কৰি মহানগৰবাসীৰ দীৰ্ঘদিনীয়া সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে, অসম লোকনিৰ্মাণ (পথ) বিভাগৰ সংশ্লিষ্ট কৰ্মকৰ্তা সকলে সেঁতু নিৰ্মাণৰ ক্ষেত্ৰত দেখুওৱা সক্ৰিয় প্ৰচেষ্টাৰ বাবে তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত মোৰ সৈতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংঘল, সাংসদ শ্ৰীমতী কুইন ওজা, বিধায়ক সকল ক্ৰমে শ্ৰী অতুল বৰা, শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত থাকে।
Great news for Guwahatians on Diwali as the city is moving forward and easing up traffic with the inauguration of 2-lane Flyover at Supermarket.
Grateful to Hon’ble CM Dr Himanta Biswa Sarma Dangoria’s leadership in transforming the city.