“অʼ ভাৰতৰে পঁজা ঘৰতনৈৰ পাৰতসোণ পথাৰতবাজক সুখৰ বাঁহীবাজক সুখৰ বাঁহী।”
আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জনাইছোঁ।
যুগনায়ক গৰাকীয়ে ভাষা-সাহিত্য, সমাজ-সংস্কৃতিলৈ যি অতুলনীয় অৱদান আগবঢ়াই থৈ গ’ল সেয়া অসমীয়া গণজীৱনৰ অনন্ত কালৰ অম্লান প্ৰেৰণা আৰু সাহসৰ সমল।
বিশ্ববিশ্ৰুত শিল্পী গৰাকীয়ে নিজৰ বিশাল কৰ্মৰাজি, অমৰ সৃষ্টিৰে সদায় এখন মানৱ প্ৰেম সমৃদ্ধ, সম্প্ৰীতি-সমন্বয়ৰ সমাজ গঢ়িবলৈ সমূহক অনুপ্ৰাণিত তথা আন্তৰিক আহ্বান জনাইছিল। আহকচোন, তেখেতৰ আহ্বানেৰে হাতে হাত ধৰি এখন সমন্বয়-সম্প্ৰীতিৰ সমাজ গঠন কৰোঁ।