অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ মহিলা সকলৰ ভূমিকা উল্লেখনীয় ৷ কিয়নো, অসমৰ নাৰী যথেষ্ট পৰিশ্ৰমী আৰু আত্মনিৰ্ভৰশীল ৷
যোৱা কিছুদিন আগতে মই সামাজিক মাধ্যমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ ‘অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান’ (ASRLM) ৰ বিষয়ে কিছু কথা আপোনালোকক আলোকপাত কৰিছিলোঁ ৷ লগতে মই উল্লেখ কৰিছিলোঁ যে, অসমৰ প্ৰতিখন জিলা আৰু উন্নয়ন খণ্ডত অৱস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ ঠিকনাসহ সংশ্লিষ্ট বিষয়াৰ নাম অৱগত কৰিম ৷ সেয়েহে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ কাৰ্যালয় আৰু যোগাযোগ নম্বৰ সংলগ্ন কৰি দিছোঁ ৷
আমাৰ মহিলা সকলে নিজ জিলাৰ কাৰ্যালয়লৈ গৈ অথবা ফোন যোগে যোগাযোগ কৰি আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায়-সহযোগিতা লাভ কৰিব পাৰিব ৷ আহক সকলোৱে আত্মনিৰ্ভৰ হোৱাৰ দিশত আগুৱাই যাওঁ আৰু অসমৰ লগতে দেশৰ উন্নয়নৰ অংশীদাৰ হওঁ ৷
ৰাজ্যৰ মহিলা সকল আত্মনিৰ্ভৰ হোৱাত সহায় হোৱাৰ স্বাৰ্থত যিমান পাৰে শ্বেয়াৰ কৰক ৷