“ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয় নহয় মাথোঁ প্ৰতিযোগিতা (এক) সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা।”

“ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়নহয় মাথোঁ প্ৰতিযোগিতা(এক) সুন্দৰ সবল জাতি গঠনতক্ৰীড়াই কৰে সহযোগিতা।”

ধৰমতলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যােগত আৰু “অসম ভলীবল মিছন ১০০” ৰ সৌজন্যত ব্ৰহ্মপুত্ৰ ভলীবল লীগ (দ্বিতীয় সংস্কৰণ)ৰ ধৰমতলাস্থিত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত লীগৰ আনুষ্ঠানিক শুভাৰম্ভ কৰোঁ।

শুভাৰম্ভ খেলখনৰ প্ৰাকক্ষণত খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ অভিবাদন গ্ৰহণ কৰোঁ। প্ৰতিগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ লগতে উদ্যােক্তা সকলৰ এই প্ৰশংসনীয় প্ৰয়াস অব্যাহত থকাৰ আন্তৰিক কামনা কৰিছোঁ ।

আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত মোৰ সৈতে দ্ৰোণচাৰ্য বঁটা তথা অৰ্জুন বঁটা বিজয়ী, ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক শ্ৰী শ্যামসুন্দৰ ৰাও, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া শ্ৰী প্ৰশান্ত বৰকাকতী, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসমৰ সঞ্চালক শ্ৰী নিবেদন দাস পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ সম্পাদক শ্ৰী লক্ষ্য কোঁৱৰ, অসম ভলীবল সন্থাৰ সভাপতি তথা দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী সুশান্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি বিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷