ভাৰত চৰকাৰে ২০২০ বৰ্ষৰ বাবে “পদ্ম” সন্মানেৰে সন্মানিত কৰা প্ৰতি গৰাকী বৰেণ্য অসমীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ।

স্ব-কৰ্মক্ষেত্ৰত অতুলনীয় অৱদানেৰে দেশ, ৰাজ্য তথা সমাজক পোহৰৰ বাট দি অনন্যতাৰে সমৃদ্ধ কৰা এই সকল মহান অসমীয়া সদায় আমাৰ সাহসৰ প্ৰাণ।

২০২০ বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ জ্যেষ্ঠ ৰাজনীতিবিদ, সমাজ সেৱিকা শ্ৰীমতী বিজয়া চক্ৰৱতী ডাঙৰীয়ানী, বিশিষ্ট সাহিত্যিক শ্ৰীযুত ইমৰান শ্বাহ ডাঙৰীয়া, বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত দুলাল মানকি ডাঙৰীয়া, শ্ৰদ্ধাৰ শিক্ষাবিদ তথা জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত ৰোমান শৰ্মা ডাঙৰীয়া, ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধি সমূহৰ বিৰুদ্ধে অদমনীয় সাহসেৰে যুঁজ দিয়া সমাজ সেৱিকা শ্ৰীমতী বীৰুবালা ৰাভা ডাঙৰীয়ানী, বড়ো ভাষাৰ বিশিষ্ট কবি-সাহিত্যিক শ্ৰীযুত মংগলছিং হাজোৱাৰী ডাঙৰীয়া, সত্ৰীয়া সংস্কৃতিৰ সাধক, লোকশিল্পী শ্ৰীযুত গোপীৰাম বৰগায়ন বুঢ়াভকত ডাঙৰীয়া আৰু বিশিষ্ট সমাজ সেৱিকা, নাৰী সমাজৰ আৰ্থ-সমাজিক উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি অহা শ্ৰীমতী লখিমী বৰুৱা ডাঙৰীয়ানীলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা যাচিলোঁ।

আনহাতে মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ” বঁটা লাভ কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

May be an image of 9 people and text