
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ দুখীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশ আৰু দৰিদ্ৰতা নিৰ্মূলৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আহিছে ৷ আপোনালোক জ্ঞাত যে, অসম চৰকাৰে গ্ৰামাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ৷ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিক সাৰোগত কৰি দেশৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিয়ে অসমৰ গ্ৰামাঞ্চলৰ পৰিৱেশ সলনি কৰাত সমৰ্থ হৈছে ৷
বৰ্তমান ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ বলত প্ৰতিমাহৰ ১০ তাৰিখে সকলো পেঞ্চন আঁচনিৰ ধন হিতাধিকাৰী সকলে নিজ নিজ বেংক একাউন্টত পোনপটীয়াকৈ লাভ কৰে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহত বিভিন্ন পেঞ্চন আঁচনিৰ জৰিয়তে ৰাজ্যৰ মুঠ ২২,৫৫,২৩১ গৰাকী হিতাধিকাৰীয়ে ৬,৫৫৭.১৫৫ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে ৷
এই পেঞ্চন শিতানৰ পৰিসংখ্যা এনেধৰণৰ –
ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিঃ
হিতাধিকাৰীৰ সংখ্যা – ৬,৫৯,২৮৬ গৰাকী
ধনৰ পৰিমাণ – ২৩৪৪.৬৫৬ লাখ
ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিঃ
হিতাধিকাৰীৰ সংখ্যা – ১,০৮,৯৮১ গৰাকী
ধনৰ পৰিমাণ – ৩২৭.৭৫৯ লাখ
ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিঃ
হিতাধিকাৰীৰ সংখ্যা – ৩৩,৮৮২ গৰাকী
ধনৰ পৰিমাণ – ১০২.৭৮৩ লাখ
শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিঃ
হিতাধিকাৰীৰ সংখ্যা – ১২,৭১,২০১ গৰাকী
ধনৰ পৰিমাণ – ৩২২২.৩৯৩ লাখ
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিঃ
হিতাধিকাৰীৰ সংখ্যা – ১,৮১,৮৮১ গৰাকী
ধনৰ পৰিমাণ – ৫৫৮.৫৬৪ লাখ