স্বাধীন ভাৰতৰ প্ৰথম গৰাকী শিক্ষামন্ত্ৰী, চিন্তাবিদ তথা দেশৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তনেৰে দেশৰ প্ৰগতিৰ পৰিকাঠামোক সবল কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰা আদৰ্শ পুৰুষ মৌলানা আবুল কালাম আজাদ ডাঙৰীয়াক জন্মদিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ জন্মদিনটোত দেশে প্ৰতিবছৰে “ৰাষ্ট্ৰীয় শিক্ষা দিৱস” হিচাপে পালন কৰি আহিছে।

দেশৰ শিক্ষাৰ্থী, নতুন প্ৰজন্মক শিক্ষাৰ আলোকেৰে আলোকিত হৈ অনন্যতাৰে সমৃদ্ধ হ’বলৈ উৎসাহ প্ৰদানৰ প্ৰয়াসেৰেই “ৰাষ্ট্ৰীয় শিক্ষা দিৱস” পালন কৰা হয়। আহকচোন, আজিৰ এই দিনটোতেই শিক্ষাৰ প্ৰয়োজনীয়তাক আন্তৰিকতাৰে উপলব্ধি কৰি গুণগত শিক্ষাৰ সবল প্ৰসাৰেৰে এখন সুস্থ, শান্তি, সমৃদ্ধিৰ ৰাষ্ট্ৰ নিৰ্মাণৰ হকে একত্ৰ আগবাঢ়োঁ তথা আজিৰ দিনটো মহৎ উদ্দেশ্যক সাৰ্থক কৰোঁ।
On #NationalEducationDay, I extend my humble tributes to independent India’s first Education Minister Maulana Abul Kalam Azad on his birth anniversary.
Let us remember his valuable ideals & build a strong foundation for modern India with education.