অসমৰ দুখীয়া ৰাইজে এমুঠি অন্ন লাভ কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক ভাৱে স্বচ্ছল লোক সকলক নিজৰ অপ্ৰয়োজনীয় ৰেচন কাৰ্ড খন পৰিহাৰ কৰাৰ যি আহ্বান জনোৱা হৈছিল সেই আহ্বানৰ প্ৰতি বহু ৰাইজে পূৰ্ণ সমৰ্থন জনাইছে আৰু তেওঁলোকে নিজৰ অলাগতীয়াল ৰেচন কাৰ্ডখন সংশ্লিষ্ট বিভাগৰ ওচৰত সমৰ্পণ কৰিছে ৷ এইক্ষেত্ৰত অসমৰ প্ৰতিখন জিলাৰ উপায়ুক্ত সকলে নিজ নিজ জিলাৰ সুলভ মূল্যৰ দোকানী সকলক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰদান কৰি অহাৰ উপৰিও বিভিন্ন সময়ত চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ তথা আৰ্থিক ভাৱে স্বচ্ছল লোক সকলক ৰেচন কাৰ্ড পৰিহাৰ কৰাৰ বাবে আহ্বান জনাই আহিছে ৷ বিভাগীয় তথ্য অনুসৰি ১২ নৱেম্বৰ, ২০২১ তাৰিখলৈকে ৩৬,২১৩ জন হিতাধিকাৰীক সামৰি ৯৩৪৫ টা পৰিয়ালে নিজ ৰেচন কাৰ্ড ইতিমধ্যে সমৰ্পণ কৰিছে ৷

ইয়াৰোপৰি, যিহেতু বৰ্তমান ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত কৰি থকা হৈছে, সেয়েহে এই প্ৰক্ৰিয়াৰ জৰিয়তে ভুৱা হিতাধিকাৰী অথবা ত্ৰুটিযুক্ত কাৰ্ড সমূহ নিশ্চিত ৰূপত কটা যাব ৷ যাৰফলত নতুন হিতাধিকাৰী উপকৃত হ’ব ৷
দুখীয়া ৰাইজৰ অন্ন সুৰক্ষাৰ স্বাৰ্থত এনেদৰে স্বইচ্ছাৰে নিজ ৰেচন কাৰ্ড পৰিহাৰ কৰা প্ৰতিগৰাকী ব্যক্তিক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ ৷ মই আশা কৰিছোঁ, আগন্তুক দিনত ৰেচন কাৰ্ড সমৰ্পণৰ সংখ্যা অধিক বৃদ্ধি পাব ৷ লগতে, আপোনালোকৰ নিজ নিজ ৰেচন কাৰ্ড সমূহৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত কৰিবলৈ পুনৰবাৰ বিনম্ৰ আহ্বান জনাইছোঁ




